কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অৱস্থাত ৰে’লৰ পৰা পৰি মৃত্যু লাহৰীঘাটৰ এজন যুৱকৰ

 09/15/2021 - 19:11
 
 
 
 
লাহৰীঘাটঃ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাৰ বাটত লাহৰীঘাটৰ এজন যুৱকে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। উল্লেখ্য যে লাহৰীঘাটৰ হাঁহচৰাবৰী গাঁৱৰ আলী হুছেইনৰ পুত্ৰ আশ্বাদুল ইছলামে কৰ্মৰ সন্ধানত যোৱা সোমবাৰে বহিঃৰাজ্যলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল লগৰ কেইবাজনৰ সৈতে।
 
কিন্তু আদবাটতে আশ্বাদুলে কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হয়। কালি নিশা আশ্বাদুল ইছলাম ৰে’লৰ পৰা পৰি মৃত্যুক আঁকোৱালি লয়। আজি আশ্বাদুলৰ মৃতদেহ নিজ গৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।