বাঘবৰৰ বাঘমাৰাত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

 09/15/2021 - 19:50
 
 
 
নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭২ নং বাঘমাৰা চৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ দৃশ্য। যি সময়ত চৰকাৰে পঞ্চায়ত পৰ্যায়ৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে এনেদৰে প্ৰতিদিনে তলা ওলমি থাকে এইটো পঞ্চায়তত৷ এই অভিযোগ স্থানীয় ভুক্তভোগী ৰাইজৰ৷ অৱশ্যে পঞ্চায়তটোৰ সভানেত্ৰী আকলিমা খাতুন বাইদেৱে ধনৰ লেনদেন কৰি পঞ্চায়তৰ সকলো কাম-কাজ ঘৰতে কৰাৰো অভিযোগ উত্থাপন হৈছে৷
 
ইপিনে পঞ্চায়ত সভানেত্ৰী আকলিমা(photo given) খাতুনে প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰৰ নামত কৰা দলিল(চুক্তি)ৰ বাবদ ৫০০ টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাৰ লগতে নিজ দলৰেই আঞ্চলিক সদস্যাই৷ প্ৰশ্ন হয়, চৰকাৰৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই কাৰ ছত্ৰ-ছায়াত সভানেত্ৰী আকলিমা খাতুনে এনেদৰে প্ৰশ্ৰয় দিছে দুৰ্নীতিক? সচেতন মহলে ইয়াৰ ওপৰত দাবী কৰিছে তদন্তৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।