ন-খুটি বন বিভাগৰ অভিযানত অবৈধ কাঠ ফলা মেচিন জব্দ

 06/01/2019 - 15:37

লংকা: ন-খুটি বন বিভাগৰ বনবিষয়া মনোজ শৰ্মাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি অবৈধ কাঠ কটা মেচিন জব্দ কৰিবলৈ সক্ষম হয়। হোজাই জিলাৰ লংকা বন সংমণ্ডলৰ অধীনস্থ ন-খুটি বন বিভাগে অবৈধ কাঠ ফলা মেচিন চোৰাং বেপাৰীৰ কবলৰপৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ন-খুটি বনবিষয়া মনোজ শৰ্মাই জানিবলৈ দিয়ে যে এনেধৰণৰ কাঠ কটা মেচিন ৬-৭টা আছে কিন্তু ন-খুটি বন বিভাগৰ কাৰ্যালয়ত বনকৰ্মী যথেষ্ঠ কম থকাৰ কাৰণে চোৰাং বেপাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম নহয়।

লক্ষণীয় যে লামডিং সংৰক্ষিত বনাঞ্চলত একাংশ বন মাফিয়াই চলাই আছে বন ধ্বংসযজ্ঞ। চৰকাৰ তথা বন বিভাগে এনে বন ধ্বংস ৰোধ কৰিবলৈ সক্ষম হ'বনে সেইয়া বর্তমান হৈ পৰিছে কোটি টকীয়া প্ৰশ্ন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।