সৰুপথাৰ: চেন্নাইত কাম কৰিবলৈ গৈ নিৰুদ্দেশ গোলাঘাট জিলাৰ সৰুপথাৰৰ এজন বিবাহিত লোক। সৰুপথাৰ আৰক্ষী থানাৰ অন্তর্গত পানজান গাঁও নিবাসী এটা সন্তানৰ পিতৃ জিতুল চুতীয়াই কোম্পানীত কাম কৰি অৰ্থ উৰ্পাজনাৰ্থে লগৰীয়াৰ লগত ট্ৰেইনযোগে চেন্নাইলৈ গৈছিল। চলিত মাহৰ ১৭ তাৰিখে ট্ৰেইনযোগে যাত্ৰা কৰি চেন্নাই চেণ্ট্ৰেল ৰে'ল ষ্টেচনত নমাৰ পিছতেই ওচৰৰে দোকানলৈ গৈয়েই নিৰুদ্দেশ হৈ পৰে জিতুল চুতীয়া নামৰ লোকজন।
তামিল মানুহ দুজনে ফোনযোগে অসমৰ মানুহ এজন পাইছো বুলি জনাই যদিও পৰিয়ালৰ মানুহৰ লগত কথা পাতিবলৈ নিদিলে। লগৰকেইজনে বিচাৰ-খোচাৰ কৰিছে যদিও একো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। ১২ দিনে জিতুলৰ একো শুংসূত্ৰ নোপোৱাত পত্নী, পৰিয়াল আৰু আত্মীয় স্বজনে ভয় আৰু উৎকণ্ঠাৰে পাৰ কৰিছে প্ৰতিটো মুহূর্ত। জিতুল চুতীয়াৰ একো শুংসূত্ৰ নোপোৱাত এতিয়া পৰিয়ালৰ লোক কাষ চাপিছে আৰক্ষীৰ।
সৰুপথাৰ আৰক্ষীৰ স্বাক্ষৰ সম্বলিত পত্ৰ লৈ ইতিমধ্যে চেন্নাই আৰক্ষীক জিতুল চুতীয়াৰ নিৰুদ্দেশ হোৱাৰ গোচৰ দিবলৈ ট্ৰেইনযোগে চেন্নাইলৈ ৰাওনা হৈছে জিতুলৰ পৰিয়াল।