09/19/2021 - 12:50
in
মানকাচৰঃ মানকাচৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কাকৰীপাৰা সভাপতিৰ ৰুকিবুল কৰিমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সভাপতিৰ বিৰুদ্ধে তদন্তৰ দাবী স্থানীয় ৰাইজৰ। সভাপতি ৰুকিবুল কৰিম আৰু কিছুমান দালালৰ লগত মিলি কাকৰীপাৰাত দুৰ্নীতি কৰাৰ অভিযোগ ৰাইজৰ। প্ৰায় ৯,৯০,০০০ লাখ টকাৰ কামত ৭০ ৰ পৰা ৮০ গাড়ী মাটি পেলাই লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ। মানকাচৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত কাকৰীপাৰা গাঁও পঞ্চায়তত এতিয়া বগা হাতীত পৰিণত হৈছে MGNREGA ৰ কাম। উল্লেখ যে MGNREGA আঁচনিৰ ২০১৯-২০ বৰ্ষত চৰকাৰে।
৯,৯০,০০০ টকা আৱণ্টন দিছিল। লাখ লাখ টকা আবণ্টন দিয়াৰ পিছতো ভালদৰে পথৰ কাম নকৰাকৈ কাকৰীপাৰা গাঁও পঞ্চায়তৰ সভাপতিয়ে লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ ৰাইজৰ। কাকৰীপাৰা গাঁও পঞ্চায়তত মানকাচৰ এন ই চি (NEC) পথৰ পৰা বান ৰোডলৈকে এটা পথৰ কামৰ নামত ৯,৯০,০০০টকা চৰকাৰে আবন্টন দিছিল কিন্তু কাকৰীপাৰা পঞ্চায়তৰ সভাপতি ৰাকিবুল কৰিমে ৭০ৰ পৰা ৮০ গাড়ী মাটি পেলাই কাম শেষ কৰিলে।
এতিয়া স্থানীয় ৰাইজে সভাপতিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে বৃহৎ দুৰ্নীতি কৰাৰ বাবে। পঞ্চায়তখনৰ বেছিভাগ কামতেই এনেকুৱা দুৰ্নীতিৰ অভিযোগ স্থানীয়লোকৰ। এতিয়া প্ৰশ্ন হয় কাৰ বলত বলিয়ান সভাপতি ৰাকিবুল কৰিম নে অফিচাৰক মেনেজ কৰি চলাই আছে দুৰ্নীতি। এনেকুৱা দুৰ্নীতিগ্ৰস্থ সভাপতি ৰুকিবুল কৰিমৰ বিৰুদ্ধে কিবা ব্যৱস্থা কৰিব নে চৰকাৰ তথা জিলা প্ৰশাসনে সেয়ে পৰৱৰ্তী সময়ত হব লক্ষ্যণীয়।