09/19/2021 - 13:09
in
কামপুৰঃ কপিলীপাৰৰ শৈক্ষিক দিশৰ বাতকতীয়া ঐতিহ্যমণ্ডিত কামপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৩৬ চনতে নিৰ্মাণ কৰা বিদ্যালয়খনে নিৰবিচিন্নভাৱে ধৰি ৰাখিছে পাহাৰ আৰু ভৈয়াম বহু ইতিহাস। কামপুৰ অঞ্চলটো বৰ্তমানৰ পশ্চিম কাৰ্বি আংলং জিলাৰ দুৱাৰমুখ হোৱাৰ বাবে বৰ্তমানৰ কাৰ্বি আংলং জিলাৰ বহু গণ্যমান্য ব্যক্তিয়ে কামপুৰতে অধ্যয়ন কৰিছিল। জনজাতীয় লোক সকলৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত কামপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন প্ৰতিস্থা হোৱাৰ কেইবছৰ মান পিছতেই বিদ্যালয়খনৰ নিজা মাটিত এটা জনজাতীয় ছাত্ৰৰ বাবে ছাত্ৰবাস নিৰ্মাণ কৰিছিল।
ইয়াৰ বাবে বিদ্যালয়খনৰ নামত থকা ছয় বিঘা মাটি অনুমোদন কৰা হৈছিল। এই ছাত্ৰবাসত থাকি বহু জনজাতীয় ছাত্ৰই অধ্যয়ন কৰিছিল দক্ষিন নগাঁৱৰ ঐতিহ্য মণ্ডিত বিদ্যালয়খনত। যি ছাত্ৰবাসত থাকি কাৰ্বি আংলং জিলাৰ বহুজনেই নিজকেই বিভিন্নক্ষেত্ৰত প্ৰতিষ্ঠা কৰিছে কিন্ত সেই স্বাধীনতাৰ আগতেই নিৰ্মাণ কৰা ছাত্ৰবাসতো একেদৰেই থাকিল। আওপুৰনি ছাত্ৰবাসটো এতিয়া জহি খহি যাব আৰম্ভ কৰিছে। বৰ্তমানলৈকে কানষাৰ দিয়া নাই কাৰ্বিআংলং জিলাৰ মুধাফুটা ৰাজনৈতিক নেতাসকলৰ লগতে চৰকাৰ সমূহে। ঐতিহ্যমণ্ডিত এই ছাত্ৰবাসটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰাৰ দাবী কৰিছে কামপুৰৰ ৰাইজৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই।