বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলন উদযাপন সমিতিৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা

 09/19/2021 - 15:41
 
 
 
 
কাকপথাৰঃ তিনিচুকীয়া জিলাৰ বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলন উদযাপন সমিতি ২০২১ ৰ উদ্যোগত ডুমডুমাৰ ৰূপাইৰ পৰা কাকপথাৰ ৰাজহুৱা খেলপথাৰলৈ অনুষ্ঠিত কৰে মাৰাথন দৌৰ প্ৰতিযোগিতা৷
 
অহা ২৬ চেপ্তেম্বৰ ২০২১ তাৰিখে আয়োজন কৰা বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰে এই মাৰাথন দৌৰ প্ৰতিযোগিতা৷ ৰূপাইৰ পৰা কাকপথাৰ ৰাজহুৱা খেলপথাৰলৈ অনুষ্ঠিত কৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ পথৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱক-যুৱতীয়ে৷
 
উদযাপন সমিতিৰ বিষয়ববীয়াই আমাৰ আগত জানিবলৈ দিয়া মতে চাহ অধ্যুষিত এলেকাৰ লগতে সমাজত চলি থকা বাল্য বিবাহ, কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত অবাধ হাৰত হবলৈ ধৰা নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন ৰোধ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰে এই মৰাথান দৌৰ প্ৰতিযোগিতা৷
 
আজিৰ এই মাৰথান দৌৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কাকপথাৰ ক্ৰীড়া সন্থাৰ সভাপতি জোনাৰাম চাংমাই, কাকপথাৰ সেনা চাউনিৰ বিষয়া ৰমন কুমাৰ সিং, কাকপথাৰৰ বিশিষ্ট সমাজসেৱক হৰেন্দ্ৰ সিং বাৰনালা, আটছাৰ বিষয় ববীয়াৰ লগতে চাহ জনগোষ্ঠী, আদিবাসী সংগঠনৰ বিষয়ববীয়া, কৰ্মকৰ্তাসকল৷
 
মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ ভিতৰত প্ৰথমস্থান লাভ কৰা গৰাকীক ৫০০০ হাজাৰ, দ্বিতীয় গৰাকীক ৩০০০ হাজাৰ, তৃতীয় স্থান লাভ কৰা গৰাকীক ২০০০ হাজাৰ টকা আৰু মানপত্ৰৰে পুৰষ্কিত কৰাৰ লগতে সকলো অংশগ্ৰহণকাৰীক মানপত্ৰ প্ৰদান কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।