বগৰীবাৰীত উত্তপ্ত পৰিস্থিতিঃ বিটিআৰৰ বগৰীবাৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

 09/19/2021 - 19:05
 
 
গৌৰীপুৰঃ বিটিআৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমা আৰক্ষীৰ বাহন আৰু বলেৰ পিক আপ ভানৰ মাজত ছাতাগুৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘৰ্ষৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছিল৷ AS16E0193 নং বলেৰ আৰক্ষীৰ বাহনৰ চালক বিজু বৰ্মন(২৭) থিতাতে নিহত হৈছিল আৰু তিনি আৰক্ষী গুৰুতৰভাৱে আহত আহত হৈছিল৷ এই ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল নিশা ১১.৩০ মান বজাত৷
 
নিশা নিয়ন্ত্রণ হেৰুৱাই আৰক্ষীৰ গাড়ীখনে WB63A9912 নম্বৰৰ ব্ৰইলাৰৰ বাহনখনত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হৈছিল৷ ইতিমধ্যে চালক বিজু বৰ্মনৰ মৃতদেহলৈ বগৰীবাৰীত শ-শ লোক ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে৷ ঘটনাস্থলীত বগৰীবাৰী চক্ৰ বিষয়া উপস্থিত হৈছে লগতে আৰক্ষীৰ মোতায়েন কৰিছে৷ উত্তপ্ত হৈ পৰিছে বগৰীবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।