নিৰ্বাচনী ৰণডংকাঃ ৫৮ বছৰৰ পিছত গুজৰাটত কংগ্ৰেছৰ বৈঠক

 03/12/2019 - 13:39

ডিজিটেল ডেস্কঃ সম্পূৰ্ণ ৫৮ বছৰৰ পিছত গুজৰাটত মঙলবাৰে অনুষ্ঠিত হ’ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে গঠিত চি ডব্লিউ চিৰ বৈঠক।

ইয়াৰ পূৰ্বে ১৯৬১ চনত অনুষ্ঠিত হৈছিল এই বৈঠক। লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ।

নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰি জনতাৰ কাষ চাপিছে দলসমূহ। তেনে পৰিপ্ৰেক্ষিততে মঙলবাৰে কংগ্ৰেছ কাৰ্য সমিতি অৰ্থাৎ চি ডব্লিউ চিয়ে গুজৰাটত এই বৈঠক অনুষ্ঠিত কৰিছে। বৈঠকৰ পিছতে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে গান্ধীনগৰত এখন ৰেলী অনুষ্ঠিত কৰিব।

এই ৰেলীত কংগ্ৰেছৰ মহা সচিব প্ৰিয়ংকা গান্ধীয়ে সক্ৰিয় ৰাজনীতিলৈ অহাৰ পিছৰ পৰা প্ৰথমবাৰ জনতাক সম্বোধন কৰিব। ইফালে, এই বৈঠকতে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ উপস্থিতিত পাটিদাৰ আন্দোলনৰ নেতা হাৰ্দিক পেটেলে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে।

গুজৰাটৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অমিত চাৱড়াই জনোৱা মতে, চৰ্দাৰ পেটেল স্মৃতি ভৱনত অনুষ্ঠিত হ’বলগা বৈঠকৰ পিছতে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী, ছোনীয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু দলৰ জ্যেষ্ঠ নেতা সকলে এখন জন সংকল্প ৰেলীত অংশ ল’ব।

আনহাতে চি ডব্লিউ চিৰ বৈঠকৰ পূৰ্বে দলৰ জ্যেষ্ঠ নেতাসকলে এক প্ৰাৰ্থনা সভাত অংশ লোৱাৰ বাবে গান্ধী আশ্ৰমলৈ যাব। নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটত কংগ্ৰেছে আয়োজন কৰা সংকল্প ৰেলীত ৩ লাখ লোকৰ উপস্থিতি থাকিব বুলি আশা কৰিছে গুজৰাট প্ৰদেশ কংগ্ৰেছে।

উল্লেখ্য যে, এমাহৰ ভিতৰত ৰাহুল গান্ধীয়ে মঙলবাৰে দ্বিতীয় বাৰৰ বাবে গুজৰাট ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে যোৱা ১৪ ফেব্ৰুৱাৰীত তেওঁ গুজৰাটৰ বলচাড জিলাত এক জনসভা সম্বোধন কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।