বিজেপিৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী: কংগ্ৰেছ দলৰ সংসদীয় সমিতিৰ বৈঠক সম্পন্ন

 06/01/2019 - 16:58

ডিজিটেল ডেস্ক: নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধান মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল ৰাহুল গান্ধী। লোকসভা নিৰ্বাচনত বিজেপিৰ হাতত বৃহৎ পৰাজয় বৰণ কৰা কংগ্ৰেছে এতিয়া প্ৰতিদিনে দলৰ হেৰুওৱা গৌৰৱ উদ্ধাৰৰ বাবে চিন্তা-ৰ্চচা কৰিছে। ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ সভাপতি পদ ত্যাগ কৰিবলৈ দলৰ হাইকামাণ্ডক প্ৰস্তাৱ দিয়া নাটকখনৰ অৱসান ঘটাৰ পিছত শনিবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ সংসদীয় সমিতিৰ বৈঠক।

বৈঠকতে ছোনিয়া গান্ধীক কংগ্ৰেছ সংসদীয় সমিতিৰ নেত্রী হিচাপে নিৰ্বাচন কৰা হয়। অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ বৈঠকত ৰাহুল গান্ধীয়ে প্ৰদান কৰা ভাষণে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। বৈঠকত ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা ৫২ জন সাংসদে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিদিনে যুঁজি যাব। কংগ্ৰেছ দলৰ প্ৰতিগৰাকী কৰ্মীক ভাৰতীয় সংবিধান, দেশৰ প্ৰতিজন নাগৰিকৰ অধিকাৰৰ কাৰণে যুঁজ দি যাবলৈ আহবান সভাপতিগৰাকীৰ।

আজিৰ সংসদীয় সমিতিৰ বৈঠকত ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, গোলাম নবী আজাদৰ দৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।