প্ৰয়াত আদৰ্শ শিক্ষক ভীষ্মকান্ত কুৰ্মীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচনী সভা

 09/20/2021 - 13:51
 
 
 
 
বিহালীঃ দেওবাৰে পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাহিত্যিক লেখক সাংবাদিক প্ৰদীপ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাৰ আঁত ধৰে সাংবাদিক প্ৰকাশ কায়স্থই। বিশিষ্ঠ সাহিত্যিক গহপুৰস্থিত ভুবন চন্দ বৰাই উন্মোচন কৰা সভাত প্ৰাক্তন কৃতি শিক্ষক বৈশ্যাকু ৰয়ে বন্তি প্ৰজ্বলন কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদনাৰ কক্ষত থকা সম্পাদক প্ৰকাশ কায়স্থই।
 
গুৰুবন্দনা কৰে থানেশ্বৰী কুৰ্মী আৰু ললিতা কুৰ্মীয়ে। এই অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অতিথি ভাষন প্ৰদান কৰে অবসৰ প্ৰাপ্ত কৃতি শিক্ষক বৈশ্যাকু ৰয়; গুৰুচৰণ কুৰ্মী "পুৰ্ণ কান্ত চাহু, জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা "পূব বিহালী উচ্ছমাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেন ফুকন" ভীষ্ম কান্ত কুৰ্মী পৰিয়ালৰ হৈ বক্তব্য ৰাখে জীয়ৰী পুৰবী কুৰ্মী" থানেশ্বৰী কুমাী গঞ্জু; জ্যেষ্ঠ পুত্ৰ মঞ্জিত কুৰ্মী; সমাজৰ একাষাৰত প্ৰাক্তন কৃতি শিক্ষক কৃতী গোস্বামী সমাজ কৰ্মী বাহাদুৰ কায়স্থ আদিয়ে। "শলাৰ শৰাই আগবঢ়াই প্ৰকাশ কায়স্থই। অ-মোৰ আপোনাৰ দেশ ৰ্শীষক গীতেৰে সভা অন্ত পৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।