06/01/2019 - 17:43
in
ডিজিটেল ডেস্ক: নাহৰকটীয়াৰ নগৰ সমিতিৰ চেয়াৰমেন মুকুট ৰাজকোঁৱৰে নাহৰকটীয়া সমিতিৰ কাৰ্যালয়ৰ সন্মুখত অতৰ্কিতে গুলীচালনা কৰে। নাহৰকটীয়াত বিজেপি নেতাই শূণ্যলৈ গুলীচালনা কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নাহৰকটীয়াৰ বিজেপি টাউন মণ্ডলৰ সম্পাদক প্ৰীতম হাজৰিকাৰ নামত পঞ্জীয়নকৃত আছিল মুকুট ৰাজকোঁৱৰে চলোৱা পিষ্টলটো। অভিযোগকাৰী চিও বৰাৰ অভিযোগৰ ভিত্তিত নাহৰকটীয়া থানাত এজাহাৰ দাখিল কৰে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে।
নাহৰকটীয়া থানাৰ আৰক্ষীয়ে পিষ্টলটো জব্দ কৰি ফৰেনচিকলৈ প্ৰেৰণ কৰিছে।