09/20/2021 - 14:52
in
বিশ্বনাথঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন দিন উপলক্ষে সেৱা আৰু সমৰ্পন কাৰ্যসূচী আৰম্ভ কৰিছে বিজেপিয়ে।
সমগ্ৰ দেশৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি ভাৰতীয় জনতা পাৰ্টিৰ বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চল বহুমুখী বিদ্যালয় আৰু দিব্যাংগ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰধান গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ উপস্থিতিত দিব্যাংগ লোকসকলক ফল-মূল বিতৰণ কৰা হয়।