09/21/2021 - 13:42
in
লংকাঃ আজি কিছুদিন পূৰ্বে হোজাইত কেইজনমান ব্যক্তিয়ে আমলিপুখুৰী গাঁৱৰ গাঁও প্ৰধানৰ বিৰুদ্ধে অবৈধভাৱে মাটি বিক্ৰী, চৰকাৰী কাম-কাজৰ বাবদ ধন সংগ্ৰহ কৰাৰ এক অভিযোগ উত্থাপিত কৰিছিল আৰু সেই দুষ্ট চক্ৰটোৱে গাঁও প্ৰধান গৰাকীৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমৰ জৰিয়তেও অপপ্ৰচাৰ চলাইছিল। যাক লৈ এতিয়া স্থানীয় ৰাইজ সৰৱ পৰিছে হৈ দুষ্ট চক্ৰটোৰ বিৰুদ্ধে।
গাঁওবাসীৰ মতে পাঞ্জাব বডী ওৰফে আৰমান আলি আৰু জুৱেদ আহমেদ নামৰ দুই ব্যক্তিয়ে গাঁওপ্ৰধান জাকাৰীয়া আহমেদৰ লগত থকা ব্যক্তিগত শত্ৰুতাৰ বাবে জালিআতিৰে গাঁৱৰ একাংশ সহজ-সৰল ৰাইজৰ স্বাক্ষৰ সংগ্ৰহ কৰি গাঁও প্ৰধান গৰাকীৰ বদনাম কৰাৰ চেষ্টা কৰিছে।
আনহাতে দুষ্ট চক্ৰটোৱে গাঁওপ্ৰধান গৰাকীৰ বিৰুদ্ধে যি ঈদগাহ ময়দানৰ মাটি জালিয়াতিৰে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে তাৰ বিপৰীতে সেই মাটি নিয়ম অনুসৰি মাটিৰ গৰাকী প্ৰয়াত আব্দুল লতিফে ঈদগাহ নিৰ্মাণৰ বাবে দান দিয়া বুলি প্ৰকাশ কৰিছে প্ৰয়াত আব্দুল লতিফৰ পুত্ৰই।
আনহাতে গাঁও প্ৰধান গৰাকীয়ে তেওঁ বিৰুদ্ধে অনা অভিযোগ নস্যাৎ কৰি এনে অপপ্ৰচাৰ চলাই মানসিকভাৱে হাৰাহাস্তি দিয়া দুষ্ট চক্ৰটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে লগতে ঘটনাটোৰ তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনাই।