মাজুলীৰ দক্ষিণপাট গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি, যাতায়তৰ নামত জীয়াতু ভুগিবলগা হৈছে গাঁওবাসীয়ে

 09/21/2021 - 13:48
 
 
 
 
মাজুলীঃ মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰৰ সমীপবৰ্তী দক্ষিণপাটৰ পৰা দক্ষিণপাট পুৰণি সত্ৰ গাঁৱৰ মাজৰ পথছোৱা আজিকোপতি হোৱা নাই পকীকৰণ। আঁচনি আহে আৰু যায়, আঁচনিৰ ফলক পথৰ সন্মুখত থিকেই আছে কিন্তু পথতহে আজিলৈ শিলগুটি এচপৰাও পৰা নাই। স্বাধীনতাৰ ইমান বছৰ পিছতো যাতায়তৰ নামত জীয়াতু ভুগি আহিছে দক্ষিণপাট পুৰণি সত্ৰৰ গাঁওবাসীয়ে।
 
গাঁওবাসীয়ে পথৰ দুৰৱস্থাৰ কথা জনালে পঞ্চায়ত সভাপতিয়ে দিয়ে অদ্ভুত উত্তৰ। সেইখন গাঁৱৰ ৰাইজে হেনো নিৰ্বাচনত তেওঁক দিয়া নাছিল ভোট যাৰ বাবে হেনো আজিও তেখেতে নিৰ্মাণ কৰি দিয়া নাই Mgnrega ৰ অধীনৰ এই পথটো। ২০১৭-১৮ বিত্তীয় বৰ্ষটো পথটোৰ বাবে পঞ্চায়তৰ অধীনত আৱন্তন হৈছিল ৯ লাখ ৭৪ হাজাৰ ৫২৩ টকা। কিন্তু সেই টকাৰ এটা পাতি পইচাও খৰচ ন'হল পথ নিৰ্মাণৰ নামত।
 
কাৰ পকেটত সেই পইচা সোমাল, তাৰ উত্তৰ এতিয়া লাগে গাঁওবাসীক। গাঁওবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি গৰাকীয়ে কি ব্যৱস্থা লয় আৰু ভোট নিদিয়াৰ বাবে পথ নিৰ্মাণ নকৰোঁ বুলি কোৱা দক্ষিণপাট পঞ্চায়তৰ মাননীয় সভাপতি গৰাকীৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে কি ব্যৱস্থা লয় সেইয়াহে হ'ব লক্ষ্যণীয়? 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।