বাঘবৰৰ নিচানৰচৰত ভয়ংকৰ গৰাখহনীয়াঃ আতংকিত ৰাইজ, আল্লাহৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা

 09/21/2021 - 15:14
 
 
 
 
 
 
নগৰবেৰাঃ নগৰবেৰাৰ পাশ্বৱৰ্তী বাঘবৰ সমষ্টিৰ আলোপতি থানাৰ অন্তৰ্গত নিচানৰ চৰত চপৰা-চপৰি খহিছে নদীৰ গৰা৷ যোৱা দুবছৰ ধৰি ব্ৰহ্মপুত্ৰ প্ৰবল খহনীয়াত কমেও ২০০-৩০০ বিঘা খেতিৰ মাটি জাহ যোৱাৰ লগতে ৫০-৬০ টা পৰিয়ালৰ ঘৰ-বাড়ীও নদীৰ বুকুত বিলীন হৈছে৷ যাৰ ফলস্বৰূপে ত্ৰাহি মধুসূদন দেখা একাংশ পৰিয়ালে এতিয়া অঘৰী হৈ বিদেশত যাব লগা পৰিস্থিত হৈছে৷
 
পট্টা মাটি এনেদৰে নদীয়ে খহাই নিয়াৰ কৰুণ কথা বাৰম্বাৰ স্থানীয় বিধায়কৰ লগতে জলসম্পদ বিভাগক জনোৱা স্বত্তেও কোনো পদক্ষেপ গ্ৰহণ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে নৈ পৰীয়া ৰাইজে৷ চৰাকৰ তথা স্থানীয় বিধায়কে নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যবস্থা গ্ৰহণ নকৰাত উপায়বিহীন নৈ পৰীয়া ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনাৰে আহ্বান জনায়। এতিয়া প্ৰশ্ন হয় চৰকাৰ তথা জল সম্পদ বিভাগে এওঁলোকৰ প্ৰাৰ্থনা শুনিব নে? 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।