ধুবুৰী জিলাৰ জামাদাৰহাট উন্নয়ন খণ্ডৰ ডিংডিঙা পাৰোৱা গাঁও পঞ্চায়তত বৃহৎ দুৰ্নীতি

 09/21/2021 - 18:15
 
 
 
 লক্ষীপুৰঃ প্ৰায় চল্লিশ লাখ টকা আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ পঞ্চায়ত সভানেত্রী টুষ্টো খাতুনৰ বিৰুদ্ধে। এই অভিযোগ উক্ত পঞ্চায়তখনৰ উপসভাপতিৰ স্বামী ৰবিয়াল হকৰ লগতে ৰাইজৰ। ধুবুৰী জিলাৰ দক্ষিন পাৰৰ জলেশ্বৰ সমষ্টিৰ-জামাদাৰহাট উন্নয়ন খণ্ডৰ ডিং ডিংগা পাৰোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী টুষ্টো খাতুনৰ স্বামীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।
 
নাম আজিজুৰ ৰহমান কিন্তু কামত চলাইছে অবাধ লুণ্ঠনৰাজ আৰু ধন আত্মসাৎ। অভিযোগ মতে পঞ্চায়তখনত এটা কাৰ্যালয় নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দিছিল বৃহৎ পৰিমাণৰ ধন, কিন্তু কাৰ্যালয় নিৰ্মাণ নকৰি সম্পূৰ্ণ ধন আত্মসাত গুৰুতৰ অভিযোগ সভানেত্ৰীৰ স্বামী আজিজুৰ ৰহমানৰ বিৰুদ্ধে। অভিযোগ অনুসৰি কাৰ্য্যালয়টোত আন্তগাঁথনি- বাবে প্ৰায় ২ লাখ ত কৈ অধিক টকা আবণ্টন দিছিল বিভাগে, কিন্তু কেইটা মান প্লাষ্টিকৰ চকী আৰু টেবল দি বাকী ধন লুণ্ঠনৰ লগতে সভানেত্ৰীৰ স্বামীয়ে ফৰটিন ফাইনেন্সৰ ৰাস্তা-ঘাট নিৰ্মাণৰ কামকে ধৰি লাখ লাখ টকা দুৰ্নীতিৰ অভিযোগ সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে৷
 
যিবোৰ দুৰ্নীতিৰ কথা কবলৈ কলে ঘণ্টাৰ পিছত ঘণ্টা গুচি যাব তথাপি শেষ নহব দুৰ্নীতিৰ দীঘলীয়া তালিকা আনফালে ৰাইজে জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি চক্ৰ বিষয়া তথা জলেশ্বৰ বিধায়ক আফতাব মোল্লালৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল যদিও তাৰ পিছতো কোনো সুফল লাভ কৰা নাই বুলি ৰাইজে জানিব দিয়ে। তাৰোপৰি সভানেত্ৰী গৰাকীৰ স্বামীৰ বিৰুদ্ধে পঞ্চায়তখনৰ সচিবেও কেইবাৰো দুৰ্নীতিৰ তথ্যসহ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল।
 
কিন্তু তাৰ পিছতো কোনো গা লৰা নাই পঞ্চায়ত সভানেত্রীৰ স্বামী আজিজুৰ ৰহমানৰ। শেষত ৰাইজে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে যি টল ফ্ৰী নম্বৰ মোকলাই দিছিল তাতো ফোন কৰি অভিযোগ দিয়ে যদিও কোনো সুফল নোপোৱাত অৱশেষত ৰাইজে সংবাদ মাধ্যম যোগে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে চৰকাৰে যাতে উচিত তদন্ত কৰি দোষীক শাস্তি দি পঞ্চায়খনক দুৰ্নীতিৰ পৰা উদ্ধাৰ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।