09/22/2021 - 14:32
in
নিউজ ডেস্কঃ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগকলৈ সংবাদ মেল৷ কোনোবা বাপেকৰ পুতেক বা জীয়েক ৰাজনীতিলৈ অহাতো বেয়া কথা নহয়। বিজেপিয়ে সদায় কংগ্ৰেছক পৰিয়াল কেন্দ্ৰীক ৰাজনীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ ভাৰতবৰ্ষত এতিয়ালৈকে যিমান প্ৰধানমন্ত্ৰী হৈছে ৬ জন প্ৰধানমন্ত্ৰীহে কংগ্ৰেছৰ৷
৬ জনৰ ভিতৰত ৩ জন গান্ধী পৰিয়ালৰ৷ তথাপিও বিজেপিয়ে গান্ধী পৰিয়ালৰে প্ৰধানমন্ত্ৰী হয় বুলি অভিযোগ দি আহিছে৷ বাকী ৮ গৰাকী অকংগ্ৰেছী প্ৰধানমন্ত্ৰী৷ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত যিসকলে জেল খাটিব লগা হৈছিল তেওঁলোকৰ ভিতৰা জৱাহৰলাল নেহৰুৱে সৰ্বাধিক ১১ বাৰ জেল খাটিব লগা হৈছিল৷
এইবোৰ কথা বিজেপিয়ে ক’বলৈ নিবিচাৰে৷ ইণ্ডিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত সন্ত্ৰাসবাদীৰ হাতত নিহত হৈছিল। এইবোৰ কথা বিজেপিয়ে নকয়৷ লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছে জয়ী লাভ কৰাৰ পাছতো ডঃ মনমোহন সিঙক প্ৰধানমন্ত্ৰী পাতিলে। ৰাজীৱ গান্ধীৰ দিনত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দেশখনক আগবঢ়াই লৈ গৈছিল৷
আমাৰ পৰিয়াল কেন্দ্ৰীক ৰাজনীতি আছে। আমি নাই বুলি সমালোচনা নকৰো৷ৰাজনাথ সিঙৰ পুত্ৰ, দেবেন্দ্ৰ প্ৰধানৰ পুত্ৰ ধৰ্মেন্দ্ৰ প্ৰধান কেন্দ্ৰীয় মন্ত্ৰী, চিপি থাকুৰৰ পুত্ৰ বিবেক থাকুৰ লোকসভাৰ সদস্য, বসুন্ধৰা ৰাজেৰ পুত্ৰ দুষ্মন্ত সিং কেইবাবাৰো ধৰি সাংসদ হৈ আছে৷ মেনকা গান্ধীৰ পুত্ৰ বৰুণ গান্ধীও সাংসদ৷ সমাজবাদী পাৰ্টি, RJD পাৰ্টি, তৃণমূল দলটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আছে৷
বিজেপিয়ে কেৱল কংগ্ৰেছকহে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিছে বুলি সমালোচনা কৰে৷ আন দলক নকৰে৷বিজেপিয়ে নিজৰখিনি লুকুৱাই ৰাখি আনক সমালোচনা কৰে৷BJPয়ে বিভ্ৰান্তমূলক প্ৰচাৰেৰে চিৰদিন শাসন কৰিব নোৱাৰে৷ BJPয়ে গান্ধী পৰিয়ালক ভয় কৰে বাবেই কংগ্ৰেছক টাৰ্গেট কৰি লৈছে।