মৈৰাবাৰীত অসম মিঞা পৰিষদৰ তীব্ৰ প্ৰতিবাদ

 09/22/2021 - 15:06
 
 
মৈৰাবাৰীঃ ছিপাঝাৰ উচ্ছেদ অভিযানৰ তীব্ৰ বিৰোধিতা কৰি আজি মৰিগাঁৱৰ মৈৰাবাৰীত অসম মিঞা(অসমীয়া) পৰিষদে মৈৰাবাৰী বজাৰৰ মাজমজিয়াত এক আন্দোলন কাৰ্য্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰ হায় হায়। হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ। নিৰীহৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। বিজেপি চৰকাৰ হায় হায়।
 
উচ্ছেদ কাৰ্য বন্ধ কৰক, আদি শ্ল’গানেৰে কঁপাই তোলে মৈৰাবাৰী বজাৰ। বিজেপি চৰকাৰে অমানৱীয় বাবে খাটি খোৱা নিৰীহ লোকক এনেকৈ উচ্ছেদ কৰা কাৰ্যক গৰিহণা দিয়ে মিঞা পৰিষদৰ নেতা আসাদুজ জামানে।
 
চৰকাৰৰ এনে নীতিক অতি নিকৃষ্ট আখ্যা দি অতি  শীঘ্ৰে এনে কাৰ্য্যসূচী বন্ধ কৰাৰ বাবে আহ্বান জনায় মিঞা পৰিষদে। অতি শীঘ্ৰে এনে উচ্ছেদ অভিযান বন্ধ নকৰিলে আন্দোলন আৰু তীব্রতৰ কৰি তোলা হব বুলি হুংকাৰ দিয়ে মিঞা পৰিষদৰ নেতা কৰ্মীসকলে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।