ফণী তালুকদাৰ মাটিৰ উকীল নে মাটিৰ দালাল- বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

 09/22/2021 - 17:16
 
 
 
নিউজ ডেস্কঃ মাটিৰ দালালক ধৰক ভাল পাইছোঁ, বহুত মাটিৰ দালালে শাসকীয় পক্ষৰ লগত হলি গলি কৰি আছে সেইবিলাকক ধৰক কিন্তু মাটিৰ দালালক ধৰাৰ নামত বহু তৰণীক ধৰিছে, তৰণীবিলাকে যিটো লিখিব লাগে, সেইখিনি লিখি মানুহক সহায় কৰে।
 
বিধানসভাত বহুবাৰ প্ৰশ্ন উত্থাপন হৈছে যি মূল্যৰ দলিল বিচাৰিলেই পোৱা নাযায়, দলিলক লৈ ব্লেক মাৰ্কেটিং চলি আছে, সেয়ে কেতবোৰ লোকক দলিল অধিক মূল্যত বিক্ৰী কৰাৰ বাবে ধৰিছে কিন্তু চৰকাৰে দলিল বিলাক ৰাজ্যত উপলব্ধ কৰি দিয়া হ'লে কোনেও বেছি মূল্যত দলিল ক্ৰয় কৰিব লগা নহ'ল হয় আৰু এই দালালৰো সৃষ্টি নহয়।
 
আচলতে চৰকাৰে মাটিৰ আচল দালাল অলপ ধৰিছে সংখ্যা বঢ়াবলৈ বেছি কৰি দিছে। এতিয়াও আচল দালাল বহুত আছে বিধানসভাতেই অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে AIUDF ৰ বিধায়ক ফণী তালুকদাৰক আপুনিটো মাটিৰ কাম ভালদৰে জানে বুলি কৈছিল, তাৰমানে কি তেওঁ মাটিৰ উকিল নে মাটিৰ দালাল?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।