দলগাঁওঃ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া ম: সোণাউল্লাহৰ লগতে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ বৈধ নথি পত্ৰ থকা ভাৰতীয় নাগৰিকক একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেম্পত বন্দী কৰি ৰখাৰ প্ৰতিবাদত আজি ইত্তেহাদ ফ্ৰণ্ট দৰং জিলা সমিতিৰ উদ্যোগত খাৰুপেটীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
মঃ সোণাউল্লাহক বিনাচৰ্তে মুকলি কৰাৰ লগতে সীমান্ত আৰক্ষীৰ ময়মতালি বন্ধ কৰাৰ দাবী জনোৱা হয়। সীমান্ত আৰক্ষীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই সোণাউল্লাহৰ দৰে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকে বিদেশী ন্যায়াধীকৰনত হাজিৰা দি দি যমৰ যাতনা সহ্য কৰিব লগা হৈছে।
সংগঠনটোৰ বিষয়-ববীয়াই সোণাউল্লাহ যদি বিদেশীয়েই আছিল তেন্তে গৃহ বিভাগৰ অধীনস্থ অসম আৰক্ষীয়ে কেনেকৈ ৩০ বছৰ পূৰ্বে সেনাত যোগদান কৰাৰ সময়ত পুলিচ ভেৰিফিকেচন প্ৰতিবেদন দিছিল প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিদেশী এজনক কিয় ৩০ বছৰ দেশৰ নিৰাপত্তা বাহিনীত সেৱা আগবঢ়াব দিয়া হৈছিল বুলিও মন্তব্য কৰে।
১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি জমা দিয়াৰ পিছতো সোণাউল্লাহক ষড়যন্ত্ৰমূলকভাবে বিদেশী সজাই ডিটেনশ্বন কেম্পত বন্দী কৰা হৈছে। যিসময়ত প্ৰাক্তন সেনাজনে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ সেৱাত ব্ৰতী আছিল সেই সময়ত ব্যক্তিজনৰ সাক্ষী গ্ৰহণ কৰাৰ লগতে টিপ চহী মৰা দেখুওৱাটোৱে প্ৰাক্তন সেনাজনৰ লগত যে চৰকাৰী পৃষ্ঠপোষকতাত ষড়যন্ত্ৰ কৰা হৈছে সেয়া স্পষ্টকৈ প্ৰমাণিত হয় বুলি সংগঠনটোৰ বিষয়-ববীয়াই ব্যক্ত কৰে।
অনুৰূপ ধৰণে সীমান্ত আৰু বিদেশী ন্যায়াধীকৰনে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক ষড়যন্ত্ৰমূলক নীতিৰে মানসিক, আৰ্থিক নিৰ্যাতন চলাই আহিছে। ইত্তেহাদ ফ্ৰণ্টে ২৪ ঘণ্টাৰ ভিতৰত প্ৰাক্তন সেনা মঃ সোণাউল্লাহক বিনাচৰ্তে মুকলি কৰাৰ লগতে সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ ময়মতালি কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক দাবী জনায়।
সমান্তৰালকৈ সোণাউল্লাহৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা চক্ৰটোক চিনাক্তকৰণ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈয়ো দাবী জনায়। বিদেশীৰ নামত ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি থকা সংখ্যালঘু সম্প্ৰদায়ৰ নিৰীহ ৰাইজক হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনায়। এই দাবীসমূহ মানি নল’লে ইত্তেহাদ ফ্ৰণ্টে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে।