উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালত সামগ্ৰী ক্ৰয়ৰ নামত অবাধ লুণ্ঠন

 09/22/2021 - 19:04
 
 
 
বাইহাটা চাৰিআলিঃ উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালত সামগ্ৰী ক্ৰয়ৰ নামত অবাধ লুণ্ঠন। MRP ৰ ওপৰত লেবেল লগাই দুগুণ দামত সামগ্ৰী বিক্ৰী।বছৰ বছৰ ধৰি দুখীয়া ৰোগীক কৰি আহিছে লুণ্ঠন। অভিযোগ দিয়াৰ পাছতো কাণসাৰ নাই GNRC ৰ কৰ্তৃপক্ষৰ। চিকিৎসাৰ নামৰ এনেদৰে লুণ্ঠন কৰি অহাৰ অভিযোগ ভুক্তভোগীৰ।
 
বাইহাটা চাৰিআলিৰ এগৰাকী ৰোগীৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ। ৰোগীৰ বাবে ডাইপাৰ ক্ৰয় কৰাৰ সময়ত ধৰা পৰে তেওঁলোকৰ লুণ্ঠন। ডায়পাৰৰ নামত ৰোগীৰ পৰা ৫০০ টকাৰ ঠাইত ১২০০ টকা সংগ্ৰহ কৰে চিকিৎসালয়খনে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।