জুৰীয়াৰ গৰৈমাৰী পাম গাঁৱত উত্তপ্ত পৰিস্থিতিঃ দগাঁও-ধিঙগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ বাসগৃহ ঘেৰাও ৰাইজৰ

 09/23/2021 - 13:10
 
 
 
বটদ্ৰৱাঃ চাইবাৰ অপৰাধৰ লগত জড়িত দগাঁও-ধিঙগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতি এইজন মুচকুৰ হুছেইন। সহজে ধন ঘটাৰ মাধ্যম হিচাপে পঞ্চায়তৰ জনপ্ৰতিনিধি নামিল এইবাৰ চাইবাৰ ক্ৰাইমত। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী পাম গাঁৱত।
 
দগাঁও-ধিঙগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতি তথা গৰৈমাৰী পাম গাঁৱৰ এইজন মুচকুৰ হুছেইনে তেওঁৰেই আত্মীয় ক্ৰমে এইজন মোকাজিল হক আৰু ইক্ৰামুল হুছেইনৰ সহযোগত শ্ৰমিকৰ পৰিচয় পত্ৰ বনাই দিয়াৰ নামত শশ পুৰুষ-মহিলাৰ পৰা সংগ্ৰহ কৰে পান কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ।
 
অপৰাধী চক্ৰটোয়ে অতি কৌশলেৰে সংগৃহীত নথিৰে অনলাইন যোগে ঋণ লৈ লাখ লাখ টকা লুণ্ঠন চলোৱাৰ লগতে গঞা ৰাইজক বিপদে পৰিচালিত কৰিছে। আজি পুৱাৰ ভাগত শ শ পুৰুষ মহিলাই একত্ৰিত হৈ দগাঁও-ধিঙগাঁও গাঁও পঞ্চায়তৰ উপ সভাপতিৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি, চাইবাৰ ক্ৰাইমত জড়িত অপৰাধী চক্ৰটোৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।