চেঙাৰ ৰৌমাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া

 09/23/2021 - 13:26
 
 
 
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁৱত বছৰ বছৰ ধৰি চলি আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া। বিগত পাঁচদিন ধৰি খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰৌমাৰী গাঁৱত। বিগত কিছুদিনত প্ৰায় দুশ পৰিয়ালৰ ভেটি-মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত।
 
একাংশ লোকে নিজৰ বাসগৃহ-ধন-সম্পদ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি জিৰণি চ'ৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্মীয়মান আবাসগৃহ, অংগনবাড়ী কেন্দ্ৰও নিশ্চিহ্ন হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত। ভেটি-মাটি হেৰুৱাই একাংশই আশ্ৰয় বিচাৰি হাহাকাৰ কৰি ফুৰিছে।
 
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি বিগত পাঁচ বছৰত গাঁওখনৰ হাজাৰ হাজাৰ কৃষিভূমি খহনীয়াত জাহ যোৱাৰ লগতে পাঁচ শতাধিক পৰিয়ালে হেৰুৱাইছে ঘৰ-মাটি। তৎস্বত্ত্বেও জলসম্পদ বিভাগ তথা চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা নাই বুলি ক্ষোভ উজাৰে ভুক্তভোগী ৰাইজে। তদুপৰি নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ ভোট বিচাৰি আহি জনপ্ৰতিনিধি হোৱা বিধায়কসকলৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে নৈপৰীয়া ৰাইজে।
 
ৰৌমাৰী গাঁৱত অব্যাহত থকা গৰাখহনীয়া পৰিদৰ্শন নকৰাৰ বাবে জিলা উপায়ুক্তৰ ওপৰতো অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজে। গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাই ভুক্তভোগী লোকে কয় যে-গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, নহলে আমাক মাৰি পেলাওঁক। এনেদৰে গৰাখহনীয়া অব্যাহত থাকিলে মানচিত্ৰৰ পৰা ৰৌমাৰী গাঁও যে এদিন নিশ্চিহ্ন হ'ব সেয়া নিশ্চিত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।