09/23/2021 - 14:09
in
জামুগুৰিহাটঃ উপযুক্ত বজাৰৰ অভাৱৰ বাৱেই জামুগুৰিহাটৰ কৃষকে মৰাপাট খেতি কৰিবলৈ অনিহা প্ৰকাশ কৰিছে৷ শিলঘাটৰ যুথ মিলত এটা সময়ত এই অঞ্চলৰ কৃষকে মৰাপাট যোগান ধৰি যথেষ্ট ধন উপাৰ্জন কৰিছিল৷ পৰবৰ্তী সময়ত যুথ মিললৈ দুৰ্যোগ নামি অহাত ইয়াৰ কৃষকে মৰাপাট খেতি কৰিবলৈ পিঠি দিয়া পৰিলক্ষিত হয়৷
এই মন্তব্য জামুগুৰিহাটৰ একাংশ মৰাপাট খেতিয়কৰ৷ খেতিয়কসকলৰ মন্তব্য-চৰকাৰে মৰাপাটৰ এখন উপযুক্ত বজাৰ গঢ়ি তুলিলে এই অঞ্চলৰ কৃষক উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক ভেটীও সবল হব৷ বহু কৃষকে পুনৰ মৰাপাট খেতিত মনোনিৱেশ কৰিব৷ এই অঞ্চলৰ মাটি মৰাপাট খেতিৰ বাৱে উপযুক্ত বুলিও মন্তৱ্য কৰে কৃষকসকলে৷