09/23/2021 - 14:32
in
বোকাজানঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সমগ্ৰ অসমতে তৎপৰ হৈ পৰিছে দালাল বিৰোধী অভিযান। বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষীয়ে থানা লৈ তলব কৰিছে মাটিৰ দালালীৰ সন্দৰ্ভত দুজন ব্যক্তিক।
ৰাহুল চাংমাই নামৰ শান্তিপুৰৰ এজন ব্যক্তিৰ লগতে টিলক লামা নামৰ সিমলুচাপৰিৰ এজনকো মাটিৰ দালালীৰ সন্দৰ্ভত আটক কৰিছে। কিয় থানালৈ আনিছে বুলি সোধাত ৰাহুল চাংমাই সাংবাদিকৰ আগত প্ৰকাশ কৰে যে মাটিৰ পট্টা দিয়াৰ সন্দৰ্ভতে বৰপথাৰ আৰক্ষীয়ে তেওঁক লৈ আহে।