নগৰবেৰা: দূৰদৰ্শন তথা অনাতাঁৰ শিল্পী মানিক আলীৰ মৃত্যুত শোকস্তব্ধ বকো। নব্বৈৰ দশকত গোৱালপৰীয়া লোকগীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছিল প্ৰয়াত শিল্পীগৰাকীয়ে। দেশী জনগোষ্ঠীয় সংগীতৰ অন্যতম সাধক আছিল মানিক আলী। নব্বৈৰ দশকত শিল্পী ৰহিমা কলিতাৰ লগত যুঁটি বান্ধি ৰাজ্যবাসীৰ সমাদৰ লাভ কৰিছিল মানিক আলী। দূৰদৰ্শন তথা অনাতাঁৰ শিল্পী মানিক আলীৰ মৃত্যুৱে অপূৰণীয় ক্ষতি হ'ল লোক সংগীতৰ জগতখনত। লোকগীতৰ উপৰি মানিক আলী আছিল দেশী জনগোষ্ঠীয় সংগীতৰ আন এক নক্ষত্ৰ স্বৰূপ। নিজস্ব আৰু একক প্ৰচেষ্টাৰে দেশী জনগোষ্ঠীয় সংগীতক আগুৱাই নিছিল মানিক আলীয়ে।
শুকুৰবাৰে নিশা মৃত্যু হোৱা শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে বকোৰ বালিঝাৰ অঞ্চল। শিশু অৱস্থাতে টায়ফয়েড জ্বৰত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাই জীৱন আৰু জীৱিকাৰ তাড়নাত জড়িত হৈ পৰিছিল লোক সংগীতত। ৰাজ্যৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ দোতৰা বাদক আছিল প্ৰয়াত মানিক আলী। লোক সংগীতৰ লগতে দেশী জনগোষ্ঠীয় সংগীতক আগুৱাই নিয়া প্ৰয়াত শিল্পী মানিক আলীৰ প্ৰতি কোনো গুৰুত্ব নাছিল চৰকাৰ আৰু অনাতাঁৰ কেন্দ্ৰৰ।
জীৱনৰ বিয়লি বেলাত আৰ্থিক দৈন্যতাত ভুগি এক যন্ত্ৰণা কাতৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত পৰিয়ালৰ লগতে বহু আত্মীয় তথা গুণমুগ্ধক এৰি থৈ যায়। লোক সংগীতৰ অন্যতম সাধক আলীৰ মৃত্যুত প্ৰকাশ কৰিছে গুণমুগ্ধসকলে।