09/23/2021 - 14:56
in
খাৰুপেটীয়াঃ যি সময়ত অসম চৰকাৰে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে দৰঙৰ খাৰুপেটীয়াত ভূ-মাফিয়াৰ গুণ্ডাগিৰিৰ তথ্য পোহৰলৈ আহিছে। ভূ-মাফিয়াৰ আক্ৰমণত খাৰুপেটীয়াত আহত হৈছে এগৰাকী প্ৰাক্তন শিক্ষক। খাৰুপেটীয়াৰ ৰাম নগৰৰ বাসিন্দা এইজন আব্দুল জলিল নামৰ ভূ-মাফিয়াৰ গুণ্ডাগিৰিয়ে অতিষ্ঠ কৰি তুলিছে ৰাম নগৰবাসী ৰাইজ|
ঘটনা সন্দৰ্ভত জানিব পৰা মতে বুধবাৰে ৰামনগৰৰ এটি পথ নিৰ্মাণক কেন্দ্ৰ কৰি আব্দুল জলিল নামৰ ভূ-মাফিয়াজনে পথেৰে চাইকেল লৈ ঘৰলৈ গৈ থকা অৱস্থাত দা ৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে প্ৰাক্তন শিক্ষক আনন্দ বিহাৰী সিংহক| সোভাগ্য ক্ৰমে ৰক্ষা পৰে প্ৰাক্তন শিক্ষকজন| ঘটনা সংঘটিত কৰি পলায়ন কৰে অভিযুক্ত আব্দুল জলিল।
ভুক্তভোগী আনন্দ বিহাৰী সিংহক ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে খাৰুপেটীয়া আৰক্ষী থানাত আব্দুল জলিল, তেওঁৰ পুত্ৰ আৰু পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আনন্দ বিহাৰী সিঙে| উল্লেখনীয় যে আব্দুল জলিল নামৰ ভূ-মাফিয়াজনে দীৰ্ঘদিন ধৰি বিভিন্নজনৰ লগত ভূমি কেন্দ্ৰিক সংঘাটত লিপ্ত হৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছে খাৰুপেটীয়াত। উক্ত ভূ-মাফিয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।