লালী গুড় কিনা-বেচাক লৈ চিণ্ডিকেট

 06/01/2019 - 19:19

লামডিং: হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত থাইচু পাৰ আমতলা বজাৰত গুড় কিনা বেচা লৈ কৃষক আৰু বেপাৰী মাজত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। কিছুদিন আগতে গোলাঘাট জিলাত কেইবা শতাধিক চাহ খেতিয়কে চুলাই মদ পান কৰি মৃত্যুমুখত পৰাৰ পিছত চৰকাৰে লালী গুড় বন্ধ কৰি দিছিল। ইয়াৰ পিছৰ পৰা লালী গুড় বন্ধ কৰাক লৈ কুঁহিয়াৰ খেতিয়কসকলে বিভিন্ন ধৰ্ণা, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল।

এনেস্থলত একাংশ অসাধু লালী গুড় ব্যৱসায়ীয়ে সাধাৰণ কৃষকৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি ৪৫০ টকাৰ গুড়ৰ টিনৰ বিপৰীতে ১৫০-২০০ টকাত দাবী ধমকিৰে কিনিবলৈ লওঁতে কৃষক আৰু বেপাৰীৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। অৱশেষত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।