ৰঙাপৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত: হাতীৰ সন্ত্ৰাসত ৫ টি গৃহ লণ্ডভণ্ড

 06/01/2019 - 19:37

ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলায় ৫টাকৈ গৃহ ভাঙি লণ্ডভণ্ড কৰে। নিশা খাদ্যৰ সন্ধানত সোণাই ৰূপাই বনাঞ্চলৰ পৰা ওলায় অহা এটি বনৰীয়া হাতীয়ে ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ কদমতলি শ্ৰমিক লাইনত প্ৰবেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। নিশা ১০ মান বজাত বনৰীয়া হাতীটোৱে শ্ৰমিক লাইনত ৫ টাকৈ গৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে গৃহত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে।

নিশা বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে স্থানীয় ৰাইজ। বহুসময় ধৰি বনৰীয়া হাতীটোৱে সন্ত্ৰাস চলোৱাৰ পাছত স্থানীয় ৰাইজে কোনমতে হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয়৷ বৰ্তমান ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীয়ে আশ্ৰয় লৈ আছে৷ বনবিভাগৰ লোকে বনৰীয়া হাতীটোক পুনৰ বনাঞ্চললৈ খেদি পঠোৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷

উল্লেখ্য যে হাতীটোৱে বিগত কিছুদিন ধৰি নিশা ৰঙাপৰাৰ ওচৰত বাগিচাসমূহত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।