09/24/2021 - 15:58
in
মৈৰাবাৰীঃ ছিপাঝাৰৰ ধলপুৰত চলোৱা উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবীত মৈৰাবাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মুছলিম ছাত্ৰ সন্থা অসম আৰু অসম মিঞা (অসমীয়া) পৰিষদে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান একমাত্ৰ আৰ এছ এছ আৰু বিজেপিৰ বৰমূৰীয়াক সন্তুষ্ট কৰাৰ বাবে এই অভিযোগ মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীৰ।
শেহতীয়াকৈ ছিপাঝাৰৰ ধলপুৰত চলোৱা উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবীত মৰিগাঁও জিলাত মৈৰাবাৰী বজাৰৰ মাজমজিয়াত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে মুছলিম ছাত্ৰ সন্থা অসম আৰু অসম মিঞা (অসমীয়া) পৰিষদে। প্ৰতিবাদ কালত মুছাৰ নেতা কৰ্মী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ৷ আনহাতে শীঘ্ৰে উচ্ছেদিত লোকসকলকৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে পৰবৰ্তী সময়ত ৰাজ্যজুৰী জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীযে লগতে নিহতৰ পৰিয়ালক এটা চৰকাৰী ২০ লাখ টকাৰ আৰ্থিক সাহায্য দিবলৈ দাবী জনায়।