বৰবালা: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ জাৰাবাৰী অঞ্চলৰ অগ্ৰণী চৰকাৰী শিক্ষানুষ্ঠান ভূলোকাবাৰী জে পি হাইস্কুলে এইবেলিও কৃতকাৰ্যতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বৃহত্তৰ জাৰাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। বিদ্যালয়খনৰ এনে ফলাফলত সন্তুষ্টি প্ৰকাশ কৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোঃ ফয়েজুৰ ৰহমানৰ সভাপতিত্বত ৩১ মে'ত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহৰ আলী আহমেদে আঁত ধৰা অনুষ্ঠানত কৃতিত্ব অৰ্জন কৰা ছাত্র-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা, কলম আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়খনৰ সমস্ত ৰেকৰ্ড ভংগ কৰি ছয়টা বিষয়তে লেটাৰ পাই ডিষ্টিংচনসহ মুঠ ৫৩৩ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা নাৰ্জিমা আহমেদকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ ৪৫ জন পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে এগৰাকীয়ে ডিষ্টিংচন, দুগৰাকীয়ে ষ্টাৰ নম্বৰসহ মুঠ দহ গৰাকীয়ে প্ৰথম বিভাগত, দ্বিতীয় বিভাগত ২২ গৰাকী আৰু তৃতীয় বিভাগত ১৩ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।
যি সময়ত সমগ্র ৰাজ্যৰ ১৪০ খন চৰকাৰী-বেচৰকাৰী তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল শূন্যৰ ঘৰত, ঠিক সেই সময়তে বিদ্যালয়খনৰ এনে সন্তোষজনক ফলাফলত সন্তুষ্টি প্ৰকাশ কৰি বৰপেটা জিলা অধিবিদ্যা পৰিষদৰ কাৰ্যকৰী সভাপতি কৃষ্ণ কলিতা আৰু সাধাৰণ সম্পাদক মজিবৰ ৰহমান স্বাক্ষৰিত 'চাৰ্টিফিকেট অব্ এক্সিলেঞ্চ' প্ৰদান কৰে।
উক্ত সম্বৰ্ধনা অনুষ্ঠানতে বিজেপি ছোৱালী হাইস্কুলৰ পৰা পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি ছয়টা বিষয়তে লেটাৰ নম্বৰ পাই ডিষ্টিংচনসহ মুঠ ৫২৩ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ৰমেলা আহমেদকো বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনাৰ লগতে উষ্ম আদৰণি জনোৱা হয়।
স্মৰ্তব্য যে, উৎফুল্লিত পৰিৱেশত আয়োজিত বিদ্যালয়খনৰ উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে ছাত্র-ছাত্ৰীৰ উদ্দেশ্যে মূল্যবান ভাষন আগবঢ়াই কয় যে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰত্যেকজন ছাত্র-ছাত্ৰীয়ে আগলৈও এই ধাৰা অক্ষুন্ন ৰাখি সৎ মানসিকতা গঢ়ি দেশসেৱাৰ মানসিকতাৰে সমাজৰ এজন নিষ্ঠাবান, দায়িত্বশীল, কৰ্তব্যপৰায়ণ ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব লাগিব।
উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভূলোকাবাৰী নৱ-মিলন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হানিফ আলী আহমেদেও ছাত্র-ছাত্ৰীক উদ্যেশ্যি মূল্যবান ভাষণ আগবঢ়ায়।