সুখবৰঃ জলেশ্বৰ ফেৰীঘাটত আনুষ্ঠানিকভাৱে মুকলি এম ভি প্ৰতিমা নামৰ ফেৰীখন

 09/25/2021 - 12:41
 
 
লক্ষীপুৰঃ বহু অপেক্ষাৰ অন্তত জলেশ্বৰবাসীলৈ আহিল এটা ভাল খবৰ। আজি জলেশ্বৰ ফেৰীঘাটত আনুষ্ঠানিকভাৱে মুকলি হ'ল এম, ভি, প্ৰতিমা নামৰ ফেৰীখন। জানিব পৰা মতে, ৰাতিপুৱা ৯ বজাত জলেশ্বৰৰ পৰা ধুবুৰী লৈ আৰু দুপৰীয়া ২ বজাত ধুবুৰীৰ পৰা আকৌ জলেশ্বৰ লৈ ওভতিব বুলি জানিব পৰা গৈছে।
 
২০১২ চনত ধুবুৰী জিলাৰ মেধৰটাৰী আৰু সদ্য সংঘটিত নিমাতীঘাটৰ মৰ্মান্তিক ফেৰী দুৰ্ঘটনাৰ পিছত যথেষ্ট তৎপৰ হোৱা দেখা গৈছে ৰাজ্যৰ আভ্যন্তৰীন জল পৰিবহন বিভাগ। তেনেক্ষেত্ৰত এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল জলেশ্বৰবাসীৰ। কিন্তু প্রশ্ন হয়, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই অভিলাষী ফেৰী সেৱা কিমান দিনলৈকে চলিব সেয়া হ’ব লক্ষ্যণীয়? 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।