বৰপেটাৰ এটি দুবছৰীয়া শিশুৰ চকুৰ জটিল ৰোগত আক্ৰান্তঃ সহায়ৰ বাবে আহ্বান

 06/01/2019 - 20:12

পূব বৰপেটাঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ খংৰাৰ মিৰজুল খানৰ দুবছৰীয়া শিশুটি চকুৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে৷ কণমানি শিশুটিৰ চিকিৎসাৰ নামত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালটো৷ দিন হাজিৰা কৰি পৰিয়ালটো কোনোমতে চলাই থকা মিৰজুল খানে আৰু কিছুদিন পাছতে উন্নত চিকিৎসাৰ বাবে শিশুটিক চেন্নাইলৈ নিব লাগে যদিও আৰ্থিক অভাৱৰ কাৰণে থমকি ৰব লগা হৈছে৷

ইয়াৰ আগতে নেপালত হৈ যোৱা শিশুটিৰ প্ৰথম অস্ত্ৰোপচাৰত বিভিন্ন লোকে তথা নব নিৰ্বাচিত সাংসদ আব্দুল খালেকে আৰ্থিক সাহায্য আগবঢ়াইছিল৷ আনহাতে স্থানীয় বিধায়ক শুকুৰ আলী আহমেদৰ ওচৰলৈ গৈ সহায়ৰ হাত বিচাৰিছিল যদিও সহায়ৰ বিপৰীতে নানা ধৰণৰ দাবী ধমকি তথা গালি গালাজ পাৰি খেদি পঠিয়াই বুলিহে মিৰজুল খানে অভিযোগ কৰিছে৷

শিশুটিৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত কোনো লোকে সহায় আগবঢ়াব বিচাৰিলে নলবাৰী জিলাৰ দৌলাশালত থকা ভাৰতীয় ষ্টেট বেংকৰ শাখাত আই এফ এছ চি কোড SBIN0018509 একাউণ্ট নম্বৰ 38048330715 ত ধন জমা কৰিবলৈ শিশুটিৰ পৰিয়ালে কাতৰ অনুৰোধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।