06/01/2019 - 20:26
in
বিলাসীপাৰাঃ শনিবাৰে বিয়লি ধুবুৰী জিলাৰ সোনামুখী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
৩০ বছৰ সেনাবাহিনীৰ কেপ্টেইন পদত কাম কৰি ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা মহম্মদ সোণাউল্লাহক বিদেশী ন্যায়াধিকৰণে অবৈধ বিদেশী সজাই ডিটেনচন কেম্পত প্ৰেৰণ কৰাত সংগঠন দুটাই এই প্ৰতিবাদ সাব্যস্ত কৰে।
সেনা বিযয়াজনক বিনা চৰ্তে মুক্তি নিদিলে ভয়ঙ্কৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সদৰি কৰে ধুবুৰী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।