এইবাৰ অভিনেতা চনু সুদে দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যৰে খুলিব চিকিৎসালয়ঃ অহা ৪-৫মাহৰ ভিতৰতে হায়দৰাবাদত আৰম্ভ হ'ব ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ নিৰ্মাণৰ কাম

 09/25/2021 - 18:42
 
 
নিউজ ডেস্কঃ অভিনেতা চনু সুদে সম্প্ৰতি হায়দৰাবাদত মানৱ সেৱাৰ বাবে হাস্পতাল খোলাৰ পৰিকল্পনা কৰিছে। প্ৰায় ১৮ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰৰ অভিযোগক নস্যাৎ কৰি চনু সুদে কয়, "আমি ক'ভিড-১৯ ৰ প্ৰথম ঢৌৰ সময়ত বহু লোকলৈ সহায়ৰ হাত আগবঢ়াইছিলো। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।
 
"চনু সুদ জীয়াই নাথাকিলেও দুখীয়াই বিনামূলীয়া চিকিৎসা পাব। অহা ৪-৫মাহৰ ভিতৰতে দুখীয়া মানুহৰ বাবে হায়দৰাবাদত এখন চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ কাম আৰম্ভ কৰিব চনু সুদ ফাউণ্ডেচনে।
 
অভিনেতা গৰাকীয়ে এই সংক্ৰান্তত সংবাদ মাধ্যমক কয়, "মই জীয়াই থাকো বা নাথাকো অনাগত ৫০বছৰলৈ ইয়াৰ দুখীয়া মানুহে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব সেয়াই মোৰ লক্ষ্য।" উল্লেখযোগ্য যে সকলো উন্নত মানৰ চিকিৎসা সেৱা সুবিধা উপলব্ধ কৰাৰ লক্ষ্যৰে ইতিমধ্যে চিকিৎসালয়খনৰ পৰিকল্পনা আৰম্ভ কৰিছে চনু সুদে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।