বিহালীৰ বাঘমাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ

 09/25/2021 - 18:56
 
 
বিহালীঃ সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাৰ বিহালীৰ বাঘমাৰী গেটৰ চাৰিআলিত আজি আবেলি ৪ বজাত ASSPৰ বাঘমাৰী আঞ্চলিক আৰু জিনজিয়া আঞ্চলিক সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে যোৱাকালি ছিপাঝাৰ ধলপুৰ গৰুখুটি গাঁৱত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়।
 
কিন্ত দৰং জিলা প্ৰশাসনে অমানৱীয়ভাৱে উচ্ছেদ অভিযানত সাধাৰণ তিনি গৰাকী লোকক ওপৰত বৰ্বৰতা কাণ্ড সংঘটিত কৰে। এনে কাৰ্যত ASSP ৰ বাঘমাৰী আঞ্চলিক আৰু জিনজিয়া আঞ্চলিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু অচিৰেই এনে কাৰ্য্য বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায় । অন্যথায় ASSP য়ে অনাগত দিনত অনিৰ্দিষ্ট কাল গণতান্ত্ৰিক আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰিব বুলি অসম চৰকাৰক সকিয়াই দিয়ে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।