09/25/2021 - 19:38
in
মৰিয়নিঃ আজি মৰিয়নীৰ ৰে’লৱে ইনষ্টিটিউটত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ। প্ৰথমবাৰৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰচাৰৰ কাৰণে মৰিয়নীত উপস্থিত লুৰিনজ্যোতি গগৈ। অসম জাতীয় পৰিষদৰ স্থানীয় নেতৃত্ববৰ্গৰ লগতে দলটোৰ কেইবাজনো নেতাৰ উপস্থিতিত শণিবাৰে অসম জাতীয় পৰিষদৰ মৰিয়নী সমষ্টি সমিতি গঠনৰ লগতে বহুসংখ্যক লোকৰ যোগদান অসম জাতীয় পৰিষদ দলত। আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ লগত বুজাবুজিৰ ইংগিত AJP ৰ সভাপতিজনৰ।
বুধবাৰে ধলপুৰৰ উচ্ছেদ অভিযানৰ ঘটনাক লৈ বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰাৰ লগতে ঘটনাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জগৰীয়া বুলি মন্তব্য লুৰিনজ্যোতি গগৈৰ। জাতীয়তাবাদীৰ আদৰ্শৰে অসমত জাতীয় পৰিষদৰ ভেটি সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি সভাপতিজনৰ। বিজেপি দল কংগ্ৰেছৰ পৰা নেতা আমদানি কৰা দল বুলি কয়৷
মৰিয়নীত এফালে বৰ্তমানৰ বিজেপি প্ৰাৰ্থী তথা শক্তিশালী নেতা ৰূপজ্যোতি কুৰ্মী আনফালে তিনি বিৰোধী দল। মৰিয়নীৰ উপনিৰ্বাচনত কোনে গাদী দখল কৰে আৰু আনহাতে ৰূপজ্যোতি কুৰ্মীক আতৰাই মৰিয়নী সমষ্টি কংগ্ৰেছ বা আঞ্চলিকতাবাদৰ হাতলৈ অনাত বিৰোধী কিমানদূৰ সফল হয় সেয়া সময়তহে লক্ষ্যণীয় হব?