শালবাৰী হাসডোবা সংযোগী পথৰ দুৰৱস্থাঃ অতি শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ

 09/26/2021 - 12:30
 
 
লক্ষীপুৰঃ একপ্ৰকাৰ মৰণ ফান্দত পৰিণত হৈছে শালবাৰী হাসডোবা সংযোগী এই বিশেষ পথটো। একাঠু বোকা আৰু পানীৰে ভৰি পৰিছে পথটো। ফলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে প্ৰায় লক্ষাধিক জনসাধাৰণে। মনকৰিবলগীয়া যে পথটো গ্ৰাম্য পথ হ’লেও অঞ্চলবাসীৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ পথ। কিয়নো এইখন পথৰ বাহিৰে বিকল্প পথ নাই উক্ত অঞ্চলটোত।
 
মনকৰিবলগীয়া যে এই পথটো বিগত দহ বছৰত কোনো ধৰণৰ মেৰামতি কৰাৰ বাবে সময় উলিয়াব পৰা বিভাগীয় কৰ্তৃপক্ষই। ফলত স্বাধীনোত্তৰ কালৰ পৰাই একেদৰে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে অঞ্চলৰ ৰাইজে।
 
তাৰ পিছতো পথছোৱা লৈ যেন কোনো কাণসাৰ নাই গোৱালপাৰা জিলা গড়কাপ্তানি বিভাগৰ। এতিয়া জলেশ্বৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক আফতাব উদ্দিন মোল্যা আৰু নতুন চৰকাৰৰ ওপৰত একমাত্ৰ ভৰষা কৰিছে অঞ্চলবাসী ৰাইজে। অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰি সুচল কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।