09/26/2021 - 12:44
in
নিউজ ডেস্কঃ বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এক বিভাগীয় পৰ্যালোচনা বৈঠকত অংশ লৈ মন্ত্ৰী বৰাই কৃষি পামৰ কামত বাধা প্ৰদান কৰাৰ বাবে অপশক্তিৰ উচতনিত সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোপনৰ প্ৰকল্প হিচাপে গ্ৰহণ কৰি কৃষিপাম স্থাপনৰ কাম আগুৱাই নিয়া হৈছে৷ ইয়াৰ বাবে অঞ্চলটোত বেদখলকাৰীসকলক অইনগতভাৱে সংস্থাপন দিয়াৰ ব্যৱস্থাও লোৱা হৈছিল৷
কিন্তু হঠাতে উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ চৰকাৰী কামত বাধা প্ৰদান কৰিলে কোনেও হাত সাবটি বহি থাকি নোৱাৰে৷
আনহাতে, শতাধিক লোকক উচ্ছেদৰ বাবে আলাপ-আলোচনা চলি থকাৰ সময়তে বৃহৎ সংখ্যক লোক সমবেত হৈ দলৱদ্ধভাৱে আক্ৰমণ চলোৱাৰ ফলত সমগ্ৰ ঘটনা পূৰ্বপৰিকল্পিত বুলি প্ৰমাণিত কৰিছে৷
কেৱল গৰুখুঁটি প্ৰকল্পই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সকলো কৃষি প্ৰকল্পই উচ্ছেদ অভিযান অব্যাহত ৰাখি বেদখলমুক্ত কৰি তোলা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷