দেৰগাঁওঃ আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস যোৱা ৩০ এপ্ৰিলত দেৰগাঁৱৰ বাপুজী মন্দিৰৰ প্ৰাংগনত সফলতাৰে সম্পন্ন কৰাৰ পাছত আজি আপকু দেৰগাঁও মহকুমা সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দেৰগাঁৱৰ শিশু কুঞ্জৰ প্ৰাংগনত মহকুমা সমিতিৰ সভাপতি ৰাজমোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ আঁত ধৰে সম্পাদক কুমুদ বৰাই।
এই সভাতেই দেৰগাঁৱক মহকুমা হিচাপে ঘোষনা, ঐতিহাসিক নেঘেৰেটিং শিৱ দৌল, ঐতিহাসিক চিকাৰীঘাটক পৰ্য্টন স্থলিত পৰিণত কৰা, নেঘেৰেটিং বংকোৱাল মথাউৰিৰ মেৰামতি কৰা, দেৰগাঁৱৰ বেচিক ট্ৰেনিং চেণ্টাৰৰ ওচৰৰ থকা হেমচন্দ্ৰ বৰুৱাৰ ওপজা বাৰীৰ স্থায়ী স্মৃতি সংৰক্ষন ভৱন নিৰ্মান কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সভাত গ্ৰহণ কৰা হয়।
সভাত আপকু মহকুমা সমিতিৰ উপদেষ্টা প্ৰবীণ সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ৰাজেন পূজাৰী, গোলাঘাট জিলা আপকুৰ সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তী, মহকুমা সমিতিৰ উপ সভাপতি আবু আহমেদ, পত্ৰিকা সম্পাদক ৰাতুল বৰা, সহ সম্পাদকদ্বয় কাজু ৰবিদাস, চামিম আলম হক, কোষাধ্যক্ষ সত্যজিত হাজৰিকা আৰু বিভূতি ৰঞ্জন কলিতাই ভাষন প্ৰদান কৰে।
সভাৰ আৰম্ভণিতে গোলাঘাট জিলাৰ আপকুৰ উপ সভাপতি অমূল্য দত্ত আৰু চিত্ৰ শিল্পী বেনু মিশ্ৰৰ মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে শোক প্ৰস্তাৱ গ্ৰহণ কৰে।