09/26/2021 - 14:53
in
নিউজ ডেস্কঃ ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় 'জুডিমা'ই উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমটো পৰম্পৰাগত পানীয় হিচাপে ভৌগোলিক স্বীকৃতি লাভ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে দীৰ্ঘদিনৰ গৱেষণা আৰু পৰ্যবেক্ষণৰ পাছত ২০১৯ বৰ্ষত জনোৱা আবেদনৰ ভিত্তিত এই স্বীকৃতি লাভ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে য়াডেম নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত 'ডিমাজিক হাছাও' নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে।
কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বিশেষ অঞ্চলত এই একাছিয়া পাত বিশেষভাৱে উপলব্ধ বাবে এই জিলা দুখনৰ মহিলাসকল ইয়াৰ প্ৰস্তুতিৰ লগত জড়িত।অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক ড° কিশোৰ কুমাৰ শৰ্মা, ড° গাৰ্গী শৰ্মা আৰু ড° সুবল মাইবঙছাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উত্তম বাথাৰিৰ নেতৃত্বত এটা দলে এই পৰম্পৰাগত পানীয়ৰ ওপৰত পদ্ধতিগত পৰ্যবেক্ষণ আৰু গৱেষণা চলাই আবেদন কৰি সফলতা লাভ কৰে।