নামনিমুৱা লোকমান্য তিলক নামৰ যাত্ৰীবাহী ৰে’লত অঘটনঃ যাত্ৰীৰ আসনতে এগৰাকী যুৱতীৰ মৃত্যু

 09/26/2021 - 15:27
 
 
 ৰঙিয়াঃ মুম্বাই তিলকনগৰ ৰে’ল ষ্টেচনৰ পৰা যাত্ৰাকৰা পৰিয়ালৰ এটাৰ এগৰাকী যুৱতী যাত্ৰাৰ সময়ত নিজৰ আসনতে মৃত্যুক সাৱটি লোৱা ঘটনাই যাত্ৰীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। জানিব পৰামতে তিলকনগৰৰ পৰা লোকমান্যতিলক নামৰ যাত্ৰীবাহী ৰে’ল গাড়ীখনৰে ৰঙিয়া ৰে’ল ষ্টেচনলৈ যাত্ৰা কৰিছিল এটা পৰিয়ালৰ তিনিগৰাকী সদস্যই।
 
ঢেকীয়াজুলী নাৰায়ণপুৰৰ দীপা ভূঞা, ভগ্নী ৰিণা ভূঞাই তেওঁলোকৰ ভিনিয়েকৰ লগত তিনিদিন পূৰ্বে যাত্ৰা আৰম্ভ কৰিছিল। এদিন পিচত ৰে’লখন বিহাৰৰ কিষাণগঞ্জ পোৱাত পুৱাৰ ভাগত বায়েক দীপা ভূঞাই ভনীয়েক ৰীণা ভূঞাক চাহ খাবলৈ টুপনিৰ পৰা জগাই যদিও মৃত অৱস্থাত উদ্ধাৰ হয় ৰিণা ভূঞা। লগে লগে ৰে’লখনৰ দবাটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।
 
চলন্ত ৰে’লখনৰ টিটিক পৰিয়ালটোৱে বিষয়টো অবগত কৰিব বিচাৰে যদিও এজনো টিটিক বিচাৰি নেপালে। দেওবাৰে পুৱতি নিশা ৰে’লখন বঙাইগাঁও ষ্টেচনত ৰখোৱা মাত্ৰকে পৰিয়ালটোৱে ৰে’ল আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰে। লগে লগে বঙাইগাঁও ৰে’ল আৰক্ষীয়ে বিষয়টো ৰঙিয়া ৰে’ল আৰক্ষীক অৱগত কৰি আৰক্ষীৰ তত্বাৱধানত ৰে’লখনতে মৃতদেহটো ৰঙিয়ালৈ অনা হয়। ৰঙিয়া ৰে’ল আৰক্ষীয়ে মৃতদেহটো ইতিমধ্যে মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ইফালে ঘটনা সম্পৰ্কত মৃত যুৱতী গৰাকীৰ বায়েক দীপা ভূঞাই জানিব দিয়া মতি নিশা অতিমাত্ৰা জ্বৰত ভুগিছিল ভনীয়েক ৰিণাই। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।