নিৰ্বাচনী ৰেলিত মৃত বিজপি নেতাক মৰা কুকুৰৰ লগত তুলনা মমতা বেনাৰ্জীৰ

 09/26/2021 - 16:14
 
 
 
নিউজ ডেস্কঃ পশ্চিম বংগত এতিয়া বলিছে উপ নিৰ্বাচনৰ বতাহ।ভৱানীপুৰ সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰেৱালে বিজেপিৰ সহস্ৰাধিক কৰ্মীৰ সৈতে শনিবাৰে দক্ষিণ কলকাতাত এক প্ৰতিবাদী সমদল বাহিৰ কৰে।
 
ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৭১ তম ৱাৰ্ডত ৰাইজক সম্বোধন কৰি বেনাৰ্জীয়ে কৈছিল যে, "যেতিয়া মই বৃহস্পতিবাৰে এখন সভাৰ বাবে গৈছিলো, মই শুনিছিলো যে, বিজেপি কৰ্মীসকলে এটা মৰা কুকুৰৰ মৃতদেহ লৈ মোৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে।
 
মোৰ বাসগৃহৰ সন্মুখত বিজেপিয়ে এনে কাম কৰাৰ দু:সাহস কৰিছে।"বেনাৰ্জীয়ে বিজেপিৰ ৰাজ্যিক নেতৃত্বক কঠোৰ সকীয়নি প্ৰদান কৰি কৈছিল যে, 'যদি মই আপোনাৰ ঘৰলৈ এটা মৃত কুকুৰ পঠিয়াও তেন্তে কি কৰিব? 
 
আপোনাৰ ঘৰৰ বাহিৰত এটা পচা কুকুৰ পেলাই দিবলৈ এক ছেকেণ্ড লাগিব। কিন্তু আপুনি ১০ দিনৰ বাবে মৰা কুকুৰৰ দুৰ্গোন্ধত একো খাব নোৱাৰিব।"
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।