দৰঙৰ শ্যামপুৰ আৰক্ষীৰ জালত চোৰাংচিকাৰী

 06/01/2019 - 20:47

খাৰুপেটীয়া: দৰঙৰ শ্যামপুৰ আৰক্ষীয়ে যোৱা নিশা এজন চোৰাংচিকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা আহেদ আলী নামৰ ব্যক্তিজনক পূৰ্বেও গড় চিকাৰত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় চিকাৰৰ উদ্দেশ্য উদ্যানখনৰ পাৰ্শ্বৱৰ্তী এলেকাত চোৰাং চিকাৰীৰ সম্ভেদ লাভ কৰি শ্যামপুৰ আৰক্ষীয়ে অভিযান চলাইছিল।

উক্ত অভিযানত মাৰণাস্ত্ৰ আৰু চাইকেল পেলাই থৈ অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে চোৰাং চিকাৰীৰ দলটো। আৰক্ষীয়ে চোৰাংচিকাৰীৰ দলটোক কৰায়ক্ত কৰাৰ বাবে চেষ্টা কৰে যদিও অন্ধকাৰৰ সুযোগত পলায়ন কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰী দলটো।

ঘটনাস্থলীৰ পৰা অভিযানকাৰী আৰক্ষীয়ে এটা থ্ৰী নট থ্ৰী ৰাইফল, চাৰি জাই সজীৱ গুলীসহ এটা মেগজীন, চাইলেঞ্চাৰ আৰু এখন চাইকেল উদ্ধাৰ কৰে। আহেদ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।