09/26/2021 - 17:59
in
কলগাছিয়াঃ বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ বালিকুৰী আৰক্ষী চকীৰ অন্তৰ্গত সাওঁৰাচৰা গাঁৱৰ বেঁকী নদীৰ পাৰত পুৱা ১১ বজাত আনুমানিক ১০ বছৰীয়া এজন অচিনাকি কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলব্যাপি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি দুপৰীয়া মাছ মৰিয়াই বেকী নৈত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে, লগে লগে বালিকুৰি আৰক্ষীক খবৰ দিয়ে যদিও বাতৰি প্ৰস্তুত কৰালৈকে মৃতদেহটো চিনাক্ত হোৱা নাই।
ইফালে ঘটনাস্থলীত বালিকুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আয়ুব আলিৰ নেতৃত্বত আৰক্ষী দল এটা উপস্থিত হৈ ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি বালিকুৰী আৰক্ষী চকীলৈ লৈ যায় যদিও এতিয়ালৈ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইতিমধ্যে মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি জানিব দিয়ে বালিকুৰী আৰক্ষীয়ে।