09/26/2021 - 19:26
in
বাহাৰঘাটঃ আজি হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই সমষ্টিটোৰ অন্তৰ্গত কঞাঁ বৰপূল্লা গাঁও পঞ্চায়ত এলেকাৰ কামপীঠত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ৰাইজ তথা একাংশ দলীয় কাৰ্য্যকৰ্তাৰ লগত মত-বিনিময় কৰাৰ অন্তত বিধায়িকা গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে আমাৰ চৰকাৰে কোনো দুৰ্নীতিকে সহ্য নকৰে৷
তাৰ তদন্ত হ’বই আৰু দুৰ্নীতিকাৰীক শাস্তি দিবই৷ তদুপৰি বিধায়িকা গৰাকীয়ে সাংবাদিকে কৰা অন্য এটা প্ৰশ্নৰ উত্তৰত কয় যে উচ্ছেদ অভিযান অকল গৰুখুটিত কিয় সকলো সমষ্টিৰে বেদখলকাৰীক উচ্ছেদ কৰিব লাগে৷
তেওঁ হাজো সমষ্টিৰ দ-কাউনীয়া গ্ৰেজিং ৰিজাৰ্ভটো শীঘ্ৰে উচ্ছেদ অভিযান চলাবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই৷ কঞাঁ বৰপূল্লা গাঁও পঞ্চায়তৰ সভাপতি দীনেশ ভূঞাৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত মত-বিনিময় অনুষ্ঠানত শতাধিক দলীয় কাৰ্য্যকৰ্তাই অংশগ্ৰহণ কৰে৷