09/26/2021 - 19:30
in
বিহালীঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগ প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহটো পোষণ মাহ হিচাপে উদযাপন কৰি অহা হৈছে৷ প্ৰয়োজনীয় পুষ্টিৰ যোগানেৰে শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে সমাজ কল্যাণ বিভাগে ছেপ্টেম্বৰ মাহজুৰি উদযাপন কৰিছে ৰাষ্ট্ৰীয় পোষণ মাহ।
এই কাৰ্যসূচীৰ অন্যতম হিচাপে পোষণ সম্পৰ্কীয় তথ্যৰে সমৃদ্ধ #Poshon_on_wheels শীৰ্ষক বাহনৰ জৰিয়তে জনসাধাৰণৰ মাজত এক ব্যাপক সজাগতা বৃদ্ধিৰ কাৰ্যসূচীও সমাজ কল্যাণ বিভাগে হাতত লৈছে।
আজি বিহালীত সমাজ কল্যাণ বিভাগ তথা বিহালী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ৰূপায়ন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীৰ অন্যতম Poshon on Wheels ৰ পদ যাত্রা কাৰ্যসূচী।
বিহালীৰ ১৩৩ টা অংগনবাদী কেন্দ্ৰৰ উপ-পৰিদৰ্শক আৰু কেন্দ্ৰ সমূহৰ কৰ্মী আৰু সহায়িকাসকলৰ সহযোগত বিহালীৰ বেদেতীৰ পৰা বেদেতীৰ বাগান খেল পথাৰলৈকে বিহুৰ লগতে বিভিন্ন জনজাতীয় সংস্কৃতিৰ গীত নৃত্যৰে এক পথযাত্রা কৰা হয়।
গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মহিলা আৰু শিশুৰ পৰিপুষ্টি বৃদ্ধি কৰাই এই অনুষ্ঠানৰ মূল লক্ষ্য বুলি অংগনবাদী উপ-পৰিদৰ্শকে সাংবাদিকক জানিবলৈ দিয়ে।