ঢকুৱাখনাত ১০ চকীয়া ট্ৰাকে ভাঙিলে নামঘৰ

 06/02/2019 - 11:09

ঢকুৱাখনা: ঢকুৱাখনাৰ ১ নং হিলৈদাৰীত  এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঢকুৱাখনা চাৰিআলিৰ পৰা ঘিলামৰা অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এখন দহ চকীয়া ট্ৰাকে ১ নং হিলৈদাৰীৰ সমীপৰ এটা কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ সোঁকাষে থকা ভকতপুখুৰীৰ মাধৱ প্ৰাথমিক শাখাৰ নামঘৰৰ সন্মুখ ভাগত খুন্দা মৰাত বিস্তৰ ক্ষতি হয়।

দহ চকীয়া ট্ৰাকখনে খুন্দিয়াই নামঘৰৰ সন্মুখৰ খুঁটা, বাৰান্দা, ৱাল আদি ভাঙি পেলোৱাৰ লগতে ওচৰতে থকা বিদ্যুতৰ খুঁটা এটাও মহতিয়াই ভাঙি পেলায়। দুৰ্ঘটনাটোত ট্ৰাকচালকসহ তাত থকা সহযোগীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এ এছ-১৯-এ-৬৭৫১ নম্বৰৰ ট্ৰাকখন ঢকুৱাখনা আৰক্ষীৰ জিম্মাত ৰখাৰ লগতে চালকজনক সোধাপোছাৰ বাবে আটক কৰিছে।উল্লেখ্য যে, ভকতপুখুৰীৰ এই স্থানত দীৰ্ঘদিনৰ পৰা বহুকেইটা দুৰ্ঘটনা হৈছে। য’ত বহুকেইজন লোকে অকালতে প্ৰাণ হেৰুৱাইছে। তৎস্বতেও উক্ত দুৰ্ঘটনা প্ৰৱন ঠাইখিনিত গতিৰোধকৰ ব্যৱস্থা কৰা নাই ৰাজ্যিক গড়কাপ্তানী বিভাগে।

আনকি বৰ্তমান গোগামুখৰ পৰা ঢকুৱাখনালৈ দুইলেন যুক্ত ঘাইপথ নিৰ্মাণত থকা ঠিকাদাৰী প্ৰতিষ্ঠান জে চি কনষ্ট্ৰাকচনৰ ফালৰ পৰাও এই স্থানত গতিৰোধক বঢ়োৱাৰ ব্যৱস্থা কৰা নাই। ঢকুৱাখনাবাসীৰ দাবী আহ্বানক একপ্ৰকাৰ ভেঙুচালি কৰি নিজ খেয়ালখুচি মতে কাম কৰি অহা এই বিতৰ্কিত প্ৰতিষ্ঠানটােৱে আনকি সৰ্বাধিক দুৰ্ঘটনা হোৱা এই স্থানত কেঁকুৰী থকাৰ সম্ভেদ দিয়াৰ সাংকেতিক ফলক দিয়াৰ লগতে গতি হ্ৰাসৰ বাবে একো সজাগতামূলক ফলক লগোৱা নাই অতবছৰে। যাৰ ফলতে এই বহু দুৰ্ভগীয়াই ইয়াত মৃত্যুক আঁকোৱালি লব লগা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।