09/27/2021 - 13:26
in
নিউজ ডেস্কঃ আগন্তুক দুর্গা পূজা উদযাপনক লৈ মহানগৰীৰ জিলা পুথিভঁৰালত দুর্গাপূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে আয়োজিত এখন সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে দুর্গা পূজা আয়োজন সম্পর্কত প্রশাসনৰ একো আপত্তি নাই বুলি কয়৷
কিন্তু কোভিড বিধি উলংঘা কৰি পূজা উদযাপনেৰে কাৰোৰে যাতে হানি নকৰে, ক’ভিড সংক্রমণ কৰিলে বুলি বদনামৰ ভাগী হ’ব নালাগে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলক৷
উপায়ুক্তজনে কয় যে জনসাধাৰণৰ অহা–যোৱা ৰাস্তা বন্ধ কৰি পূজা পাতিম বুলি আলচ কৰি থকাসকলে পূজা পতাটো বাতিল কৰিব লাগে৷ পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব বুলি উল্লেখ কৰি পূজাস্থলীত ‘ন’ ভেকচিন ন’ এন্ট্ৰী’ আৰু ‘ন’ মাস্ক ন’ এন্ট্ৰী’ ফলক লগোৱাটো বাধ্যতামূলক বুলি উপায়ুক্তজনে উল্লেখ কৰে৷
সংস্পর্শৰ পৰা আঁতৰত থাকি কোভিড সংক্রমণ ৰোধৰ বাবে পুষ্পাঞ্জলিৰ বাবে ফুল আদি ঘৰৰ পৰা নিবলৈ আৰু ভোগ, খাদ্য আদিৰ ব্যৱস্থা কৰাটো যিমান পাৰে কমাবলৈ তেওঁ অনুৰোধ জনায়৷ আনহাতে, ভক্তৰ সুবিধাৰ বাবে এইবাৰ স্থানীয় থানাসমূহৰ পৰা পূজা পতাৰ অনুমতি ল’ব পাৰিব বুলি তেওঁ লগতে কয়৷ সভাত পৰিষ্কাৰ–পৰিচ্ছন্নতা বজাই ৰাখি আগন্তুক দুর্গাপূজা উদযাপনৰ ক্ষেত্রত গুৰুত্ব দিয়া হয়৷